সংস্কৃতি : (ইংৰাজী: culture) শব্দৰ অৰ্থ হ’ল, মানৱ সমাজৰ জ্ঞান-বিশ্বাস, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, নৈতিকতা, উৎসৱ অনুষ্ঠান, আইন-কানুন, শিল্প, কলা আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ আন দিশবোৰ সামৰা সামগ্ৰিক ৰূপেই সংস্কৃতি৷[1] ই মানৱ সমাজৰ এক অবিচ্ছেদ্য অংগ । জীৱনৰ বিভিন্ন কৃতিয়েই সংস্কৃতি৷ 'সংস্কৃতি' পদটো সংস্কাৰৰ লগতে বিশেষভাৱে জড়িত । যাৰ সংস্কাৰ হৈছে[2] সিয়ে সংস্কৃতি। মানুহে সমাজ পাতি বাস কৰিবলৈ লোৱাৰে পৰা দৈনন্দিন জীৱনত নানা কাৰ্য নিয়মিতভাবে কৰিবলৈ লয় আৰু ইয়ে পৰম্পৰাত পৰিণত হয়৷ গতিকে সংস্কৃতি প্ৰাকৃতিক নহয়, ই মানৱ সৃষ্ট । মানুহৰ জীৱন ধাৰণৰ কৌশল সলনি হোৱাৰ লগে লগে সংস্কৃতিয়ে নতুন ৰূপ পৰিগ্ৰহ কৰে ৷ সেয়ে ই পৰিৱৰ্তনশীল ৷ নদীৰ সোঁতৰ দৰে সংস্কৃতিৰ ৰূপ সময়ৰ লগে লগে সলনি হৈ থাকে৷

সংস্কৃতিৰ প্ৰকাৰ

সম্পাদনা কৰক

সংস্কৃতিৰ পৰিসৰ অতি ব্যাপক। বিভিন্নজনে বিভিন্ন ধৰণে সংস্কৃতিৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰিছে। সংস্কৃতিৰ গুণ-লক্ষণ-বৈশিষ্ট্য আদিলৈ লক্ষ্য কৰি[3] সংস্কৃতিৰ বিভিন্ন প্ৰকাৰসমূহ হৈছে:

  1. অভিজাত সংস্কৃতি
  2. লোকসংস্কৃতি আৰু
  3. জনজাতীয় সংস্কৃতি
  4. অভিজাত সংস্কৃতি।

আনহাতে নৃতত্ত্ববিদ তথা সমাজতাত্ত্বিকসকলে সংস্কৃতিক দুটা বহল ভাগত ভগাইছে[4]:

  1. বস্তুবাদী সংস্কৃতি (Material Culture)
  2. অবস্তুবাদী সংস্কৃতি (Non-material Culture)

সংস্কৃতিৰ গুণ-লক্ষণ-বৈশিষ্ট্য আদিলৈ লক্ষ্য কৰি

সম্পাদনা কৰক

অভিজাত সংস্কৃতি

সম্পাদনা কৰক

অভিজাত সংস্কৃতিক শাস্ত্ৰীয় বা বৈদিকী (sanskritic) বা মাৰ্গী বা মাৰ্গীয় সংস্কৃতিও বুলিব পাৰি। সংস্কৃতিৰ উদ্ভৱ আৰু বিকাশ লোকসংস্কৃতিৰ পূৰ্বে হৈছিল নে পিছত হৈছিল সঠিককৈ কোৱা টান। ভাৰতবৰ্ষৰ প্ৰসংগত ক’ব পাৰি যে, ২৫০০ বছৰৰ পূৰ্বেই অভিজাত সংস্কৃতিৰ জন্ম হৈছে। অভিজাত সংস্কৃতিক “গ্ৰেট ট্ৰেডিছন” আখ্যা দিব পাৰি। লোকসংস্কৃতি নাইবা জনজাতীয় সংস্কৃতিৰ তুলনাত অভিজাত সংস্কৃতি অধিক ৰীতিবদ্ধ, সুনিৰ্দিষ্ট আৰু আত্মসচেতন। সেয়েহে ইয়াৰ পৰিৱৰ্তন লেহেম গতিত হয়। ‌

লোক-সংস্কৃতি

সম্পাদনা কৰক

সাধাৰণ লোকৰ সৈতে জড়িত সংস্কৃতিয়েই লোক-সংস্কৃতি। 'লোক' শব্দৰ অৰ্থজন বা ব্যক্তি, 'সংস্কৃতি'ৰ অৰ্থ আচাৰ-আচৰণ, গীত-মাত,অনুষ্ঠান-প্ৰতিষ্ঠান অৰ্থাৎ ব্যক্তিৰ সমগ্ৰ জীৱন-প্ৰক্ৰিয়াক সামৰি লয়। লোক-সংস্কৃতিৰ ইংৰাজী প্ৰতিশব্দ হিচাপে 'folk culture' আৰু 'folklore' ব্যৱহাৰ কৰা হয়। কিন্তু 'folklore' শব্দটোৰ অন্য অৰ্থ হ’ল লোকবিদ্যা। লোকসংস্কৃতিৰ উদ্ভৱ আৰু বিকাশৰ পটভূমি সাধাৰণতে লোকসমাজ অৰ্থাৎ 'folk society'। সম্পূৰ্ণ কৃষিভিত্তিক সমাজখনক লোকসমাজ আখ্যা দিব পাৰি। বৰ্তমান যি সমাজ মহান সভ্যতা(great civilization)ৰ দ্বাৰা প্ৰভাৱান্বিত নোহোৱাকৈ আছে সেই সমাজক লোক সমাজ আখ্যা দিব পাৰি। কৃষক সমাজক লোক সমাজ আখ্যা দিয়াৰ সপক্ষে মতপোষণ কৰিছে ৰবাৰ্ট ৰেডফিল্ডে। এই সমাজ ব্যৱস্থাৰ সংস্কৃতি ব্যৱস্থাটোক লোক-সংস্কৃতি বুলিব পাৰি। ৰিচাৰ্ড এম্.ডৰচনৰ মতে লোকসংস্কৃতিৰ ভাগ চাৰিটা[5]:

  1. মৌখিক সাহিত্য (oral literature),
  2. ভৌতিক সংস্কৃতি (material culture),
  3. সামাজিক লোক ৰীতি-নীতি (social folk custom), আৰু
  4. লোক পৰিৱেশ্য কলা (performing folk arts)।

জনজাতীয় সংস্কৃতি

সম্পাদনা কৰক

জনজাতীয় লোকসকলৰ জীৱন-প্ৰণালীৰ লগত জড়িত সংস্কৃতিয়েই জনজাতীয় সংস্কৃতি। লোক সংস্কৃতি আৰু জনজাতীয় সংস্কৃতিৰ মাজত পাৰ্থক্য আছে। জনজাতীয় সংস্কৃতি স্বয়ংসম্পূৰ্ণ (self contained)। কিন্তু, কেতিয়াবা অভিজাত বা লোকসংস্কৃতিৰ প্ৰভাৱ পৰিলে ইয়াৰ স্বতন্ত্ৰতা নষ্ট হ'ব পাৰে। জনজাতীয় সংস্কৃতি বহু পৰিমাণে অক্ষত হৈ থাকে। জনজাতীয় সংস্কৃতিৰ দ্বাৰা অভিজাত সংস্কৃতি বা লোকসংস্কৃতি প্ৰভাৱান্বিত হোৱা দেখা যায়।

অভিজাত সংস্কৃতি

সম্পাদনা কৰক

নৃতত্ত্ববিদ তথা সমাজতাত্ত্বিকসকলৰ মতে

সম্পাদনা কৰক

বস্তুবাদী সংস্কৃতি

সম্পাদনা কৰক

মানৱসৃষ্ট সকলোবিলাক ইন্দ্ৰিয়গ্ৰাহ্য বস্তু বা সামগ্ৰীকে বস্তুবাদী সংস্কৃতি বুলিব পাৰি, যেনে - সা- সামগ্ৰী, ঘৰ-দুৱাৰ, আচবাব, স্থাপত্য-ভাস্কৰ্য, চিত্ৰকলা আদি।

অবস্তুবাদী সংস্কৃতি

সম্পাদনা কৰক

এই সংস্কৃতি স্পৰ্শ কৰিব নোৱাৰি, কেৱল অনুভৱহে কৰিব পাৰি। এই সংস্কৃতি আভ্যন্তৰীণ আৰু প‌্ৰমূল্যগত। মানুহৰ চিন্তাধাৰা, ৰীতি-নীতি, মূল্যবোধ, আচাৰ -ব্যৱহাৰ, পৰম্পৰা আদিৰ জৰিয়তে অবস্তুবাদী সংস্কৃতিৰ প্ৰকাশ পায়।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. হেমকোষ, পৃ: নং, ১২৫৫; সম্পা: দেবানন্দ বৰুৱা, ২০১৫
  2. শৰ্মা, ড॰ নবীন চন্দ্ৰ (২০১৮). অসমীয়া লোকসংস্কৃতিৰ আভাস. বাণী প্ৰকাশ. 
  3. শৰ্মা,ড॰ নবীন চন্দ্ৰ (২০১৮). অসমীয়া লোকসংস্কৃতিৰ আভাস. প্ৰকাশক পাণবজাৰ: বাণী প্ৰকাশ. পৃষ্ঠা. ৪০. 
  4. Macionis, John J; Gerber, Linda Marie (2011) (en ভাষাত). Sociology. প্ৰকাশক Toronto: Pearson Prentice Hall. পৃষ্ঠা. 53. ISBN 978-0-13-700161-3. OCLC 652430995. 
  5. শৰ্মা, ড॰ নবীন চন্দ্ৰ (২০১৮). অসমীয়া লোকসংস্কৃতিৰ আভাস'. প্ৰকাশক পাণবজাৰ: বাণী প্ৰকাশ. পৃষ্ঠা. ৪৯,৫০.